লক্ষ্য অভিযান – আপোনাৰ সফলতাৰ লক্ষ্য !
স্বাগতম !
লক্ষ্য অভিযানত এটা প্ৰশিক্ষণ আৰু সংস্থাপন সংস্থা, যি নিবনুৱা সকলৰ বাবে এক নতুন আশাৰ পোহৰ। আমাৰ লক্ষ্য হৈছে প্ৰশিক্ষণ, উৎপাদন, আৰু বিপণনৰ যোগেদি স্বনির্ভৰতাৰ পথত আগবঢ়োৱাত সহায় কৰা।
আমাৰ পৰিচয়
“লক্ষ্য অভিযান” হৈছে এক নিবেদিত বেচৰকাৰী সংস্থা, যি মূলত নিবনুৱা, উদ্যোগী, আৰু নতুন প্ৰজন্মক আত্মনির্ভৰশীল কৰাৰ বাবে গঠন কৰা হৈছে। আমাৰ প্ৰধান উদ্দেশ্য হৈছে জনসাধাৰণক বেকাৰত্বৰ পৰা মুক্তি দিয়া উদ্যোক্তা আৰু দক্ষ কৰ্মচাৰী হিচাপে গঠন কৰাত সহায় কৰা।
আমাৰ লক্ষ্য আৰু উদ্দেশ্য
আমাৰ লক্ষ্য হৈছে – প্ৰতিজন ব্যক্তিক আত্মনির্ভৰশীল কৰা।
শিক্ষিত, কিন্তু নিবনুৱা সকলৰ বাবে নতুন পথ খুলিবলৈ সহায় কৰা।
বিভিন্ন ধৰণৰ প্ৰশিক্ষণ আৰু উৎপাদনৰ সুযোগ প্ৰদান কৰা।
উৎপাদিত সামগ্ৰী আৰু সেৱাৰ যথাযথ বিপণন ব্যৱস্থা গঢ়ি তোলা।
স্থানীয়, জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত স্থানীয় সামগ্ৰীৰ এক বিশেষ স্থান সৃষ্টি কৰা।
প্রযুক্তিগত জ্ঞান আৰু হস্তকৌশলৰ যোগেদি প্ৰতিজন ব্যক্তিক দক্ষ কৰি তোলা।
আমাৰ বিশেষত্বসমূহ:
বিভিন্ন প্ৰশিক্ষণ কার্যসূচী – দক্ষতা বিকাশৰ বাবে আধুনিক প্ৰশিক্ষণ।
উৎপাদন আৰু উদ্যোগ গঠনৰ সুযোগ – স্ব-উদ্যোগী হোৱাৰ অনুপ্ৰেৰণা।
বিপণন সহায়তা – উৎপাদিত সামগ্ৰী আৰু সেৱাৰ বজাৰ বিস্তাৰ।
কর্মসংস্থাপন সহযোগিতা – উপযুক্ত স্থায়ী আৰু অস্থায়ী চাকৰি সন্ধান।
আমাৰ প্ৰশিক্ষণ কার্যসূচী
আমাৰ সংস্থাই বিভিন্ন ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰে, যেনেঃ কম্পিউটাৰ আৰু তথ্য প্ৰযুক্তি প্ৰশিক্ষণ – আধুনিক ডিজিটেল শিক্ষা।
ব্যৱসায় আৰু উদ্যোগ গঠনৰ প্ৰশিক্ষণ – নতুন ব্যৱসায়িক ক্ষেত্ৰসমূহৰ বাবে সহায়।
কৃষি আৰু পশুপালন প্ৰশিক্ষণ – পৰম্পৰাগত কৃষি উন্নতিৰ সহায়।
হস্তশিল্প আৰু হস্ততৈয়াৰী সামগ্ৰী উৎপাদন প্ৰশিক্ষণ – স্থানীয় শিল্পক সমৃদ্ধ কৰা।
ফেশ্বন ডিজাইন আৰু বস্ত্ৰ প্ৰশিক্ষণ – নতুন ডিজাইন সৃষ্টি আৰু বজাৰ ব্যৱস্থাপনা।
বিপণন আৰু বিক্ৰি কলা – উৎপাদিত সামগ্ৰী সমূহৰ বজাৰ বিস্তাৰ।
উৎপাদন কার্যসূচী
আমাৰ সংস্থা বিভিন্ন ধৰণৰ সামগ্ৰী উৎপাদন কৰে, যেনেঃ হস্তশিল্প আৰু হাততৈয়াৰী সামগ্ৰী
কৃষিজাত সামগ্ৰী
তথ্য-প্ৰযুক্তি ভিত্তিক সেৱা
ক্ষুদ্ৰ উদ্যোগ আৰু ক্ষুদ্ৰ উৎপাদন প্ৰকল্প
সৰু সৰু ইলেক্ট্ৰনিক সজুলি প্ৰস্তু আৰু যোগান ৷
বস্ত্ৰ আৰু পৰিধান সামগ্ৰী ইত্যাদি ৷
সময় সেপেক্ষে বিভিন্ন সামগ্ৰী উৎপাদন কাৰ্য সংযোজন কৰা হ’ব ৷
বিপণন ব্যৱস্থা
আমাৰ উৎপাদিত সামগ্ৰীসমূহ জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰি কৰাৰ বাবে বিশেষ ব্যৱস্থা আছে। আমি– অনলাইন মাৰ্কেটপ্লেচৰ সহায় লওঁ।
স্থানীয় বজাৰত বিপণনৰ সুবিধা প্ৰদান কৰোঁ।
ব্যৱসায়িক অংশীদাৰিত্বৰ মাধ্যমে বৃহৎ বজাৰ বিচাৰোঁ।
লক্ষ্য অভিযানৰ সৈতে আপোনাৰ স্বপ্নৰ যাত্ৰা আৰম্ভ কৰক ! লক্ষ্য অভিযান এক বিশেষ মঞ্চ, য’ত প্রশিক্ষক, বিদ্যার্থী আৰু ব্যক্তি তথা সংস্থাসমূহ একেলগে উন্নতিৰ নতুন দিশ উন্মোচন কৰে। সামগ্ৰিক উন্নয়নৰ বাবে লক্ষ্য অভিযানত সংযোগ স্থাপন কৰক আৰু আগবাঢ়ি যাওক !
অংশীদাৰ : লক্ষ্য অভিযানত অংশীদাৰ হওক, একেলগে আগবাঢ়ি যাওক ! আপোনাৰ ব্যক্তিত্ব/ সংস্থাৰ বিকাশ আৰু সমাজ উন্নয়নৰ এক উত্তম সুযোগ ! লক্ষ্য অভিযানৰ অংশীদাৰ হৈ, দক্ষ জনশক্তি সৃষ্টি, প্রশিক্ষণ আৰু উদ্যোগ বিকাশত যোগদান কৰক। একেলগে সফলতাৰ পথ গঠন কৰক !
প্ৰশিক্ষক : আপোনাৰ জ্ঞানৰ বিকাশ কৰক, নতুন প্ৰজন্মক গঢ়ি তোলক ! প্ৰশিক্ষক হিচাপে লক্ষ্য অভিযানত যোগদান কৰক আৰু আপোনাৰ অভিজ্ঞতা আৰু জ্ঞান প্ৰশিক্ষণৰ জৰিয়তে ভাগ-বতৰা কৰক। নতুন প্ৰজন্মক দিশ-নির্দেশনা দি, সমাজৰ উন্নতিত আপোনাৰ অবদান নিশ্চিত কৰক!
বিদ্যাৰ্থী : নতুন দক্ষতা আয়ত্ত কৰক, উজ্জ্বল ভবিষ্যৎ গঢ়ি তোলক !
আপোনাৰ কষ্টৰ কাম যথাযথ দিশত লৈ যাওক ! লক্ষ্য অভিযানৰ প্ৰশিক্ষণৰ জৰিয়তে নতুন দক্ষতা অৰ্জন কৰি, আত্মনিয়োগ আৰু কৰ্মসংস্থাপন নিশ্চিত কৰক । আপোনাৰ সফলতাৰ যাত্ৰা আজি শুভ আৰম্ভ কৰক !
সমাজত কিছুমান এনে স্বনাম ধন্য ব্যক্তি আছে যাৰ কোনো ধন,সম্পদ বা যশস্যা প্ৰয়োজন নাই ৷ সমাজ সেৱক হিচাপে সমাজৰ সজ কামৰ প্ৰতি সহমত/সদিচ্ছা থকাৰ বাবে তেনে ব্যক্তি সকলেও আঁৰত থাকি বিভিন্ন প্ৰকাৰে অনুষ্ঠান সমূহলৈ দান বৰঙণি, সহায়-সহযোগিতা তথা দিহা-পৰামৰ্শ,আগ বঢ়ায় ৷ তেনে ব্যক্তি বিশেষক আমাৰ সংস্থাৰ সৈতে জড়িত কৰাবলৈও আমি আগ্ৰহী ৷ তেনে শ্ৰদ্ধাৰ ব্যক্তি সকলে দাতা স্বৰূপে যোগদান কৰিব ৷
আপোনাৰ সফলতা আমাৰ লক্ষ্য
আমাৰ সৈতে যাত্ৰা আৰম্ভ কৰক আৰু আপোনাৰ ভবিষ্যত গঢ়াৰ এক নতুন অধ্যায় লিখক!
বিস্তাৰিত ভাৱে জানিবলৈ আমাৰ সৈতে সংযোগ কৰক ৷